বনলতা —————— চকু পানীৰ নিচাৰে মাতাল হৈ পৰিছে ৰাতি বোৰ তোৰ নীৰৱতা যেন এখিলা শুকান পাত অভিমানী লৰাৰ দৰে মুখ ওন্দোলাই জোনটো বহি আছে সৌ চাঙ ঘৰ খনত ঔ ল 'ৰা, তই বাঁহী বজাব জাননে ? এটা কঁপনি, এটা নুফুটা কথা, এধাৰি চকুলো কিয় আকাশক বান্ধি ৰাখিম দুহাতেৰে কিয় কোঠাৰ খোলা খিৰিকীৰে চাই ৰম তোক——? মই ঢুকি নোপোৱা বনলতা সেন তই দুষ্ট লৰা কৰোবাৰ, এবাৰ বজাই শুনা না মোক তই মোৰ মন টো মাৰি পেলালি ও বনলতা তই নহলে মই কাৰ ঘাটত নাও চপাম মোক চৰাই বুলি মাতিবিনে তই ? শালিকী চৰাই কি দৰে বুজাও তোক কিমান ভালপাওঁ এতিয়াও তই ৰাতিৰ জোনাক হৈ জলঙাৰে মোৰ টোপনি ভাঙো হিঃ হিঃ হিঃ বুঢ়া শালিকাই কত মাত মাতিব পাৰিবি তই চাই থাক জিলিৰ সাজ পিন্ধি ৰাতি ৰাতি তোক কিমান আমনি কৰোঁ ——————————————