ফুটুকী

নাহৰ ফুলিলেই দুয়ো পলাই যাম, ফুটুকী
———————————————————

মোক কিয় নোসোধা ——??
সেই সোনবৰনীয়া খাৰুৰ কথা

কিয় নোসোধা মোক——??
সেই মৌমাখি ৰঙৰ ব্ৰুচ পিনৰ কথা

কিয় নোসোধা মোক——??
মই কিয় কাজল লওঁ দুচকুত
আৰু আন্ধাৰ কৰোঁ পৃথিৱী
টোপ টোপ কৈ উচুপনিৰ আখৰবোৰে
কি দৰে তিয়ায় মোক——?? 

  তুমি বৰ দুষ্ট হৈ গৈছা

তুমি ক 'লা— যোৱা ফুটুকী, শুই থাকা গৈ
কাজলৰ নিয়ৰত তিতা ডেউকা দুটি জপাই, 
তোমাৰ পোছাকৰ তলত 
জোনাক বোৰে খৰমৰাইছে "

মই মৌমন, মৌমিঠা
আৰু তুমি ইৰ্ষা কাতৰ— তৰাৰ দৰে
মোৰ বদনাম ৰটিবলৈ উঠি পৰি লাগিছা
বেযা পাইছোঁ তোমাক, বহুত বেয়া

তুমি ক'লা —  "মৰম যদি তোমাৰ সোন হয় ,
জেওৰা পাৰ হৈ গুচি নাহা কিয়??
পাহাৰটোৰ গলধনেদি ভাবনাৰ
পখিলা জাক উৰুৱাই
অকলে অকলে কি বলকি আছা তুমি, ফুটুকী ——???
কিয় লিখি আছা শুকান মেঘৰ পাহাৰ খনত
মোৰ নাম——— ??? 

পাহৰি পেলাইছোঁ বুলি নাভাবিবা
সৌৱা, তোমাৰ আঙুলিত দেখোন
হীৰা হৈ জিলমিলাইছে
মোৰেই অহংকাৰ

তোমাৰ কুঁহিপাত কোমল আঙুলিৰে
চুই চোৱা মোৰ হৃদয়
ডোখৰ ডোখৰ কৰা কলিজাৰ বিষাদ বোৰ
এতিয়া সোঁৱৰনি হ'ল

কিয় পাহৰি গৈছা - - - ফুটুকী
তুমি যেতিয়া মেলি দিছিলা
তোমাৰ পলাশ কোমল আঁচল খনি
তেতিয়া স্বৰ্ণকনা  নামিছিলহি
মোৰ হাতত, মুঠি মুঠি— ""

আঃ কি শান্তি,  ফুটুকী 

এইবাৰ,  নাহৰ ফুলিলেই
দুয়ো পলাই যাম, ফুটুকী

——————————

Comments

Popular posts from this blog

কমৰেড, তোমাৰ পৰিচয় শেষ হোৱা নাই

বনলতা