Posts

কমৰেড, তোমাৰ পৰিচয় শেষ হোৱা নাই

কমৰেড, তোমাৰ পৰিচয় শেষ হোৱা নাই __________________________________ সহজে পাহৰিব  পৰাকৈ শিলত খোদিত কৰা হোৱা নাছিল তোমাৰ নাম তোমাৰ নাম লিখা আছিল সোণালী আখৰেৰে তুমি আছিলা খাটি খোৱা মানুহ বিপ্লৱী পথৰ যা...

ফুটুকী

নাহৰ ফুলিলেই দুয়ো পলাই যাম, ফুটুকী ——————————————————— মোক কিয় নোসোধা ——?? সেই সোনবৰনীয়া খাৰুৰ কথা কিয় নোসোধা মোক——?? সেই মৌমাখি ৰঙৰ ব্ৰুচ পিনৰ কথা কিয় নোসোধা মোক——?? মই ক...

বনলতা

বনলতা —————— চকু পানীৰ নিচাৰে মাতাল হৈ পৰিছে ৰাতি বোৰ তোৰ নীৰৱতা যেন এখিলা শুকান পাত অভিমানী লৰাৰ দৰে মুখ ওন্দোলাই জোনটো বহি আছে সৌ চাঙ ঘৰ খনত ঔ ল 'ৰা, তই বাঁহী বজাব জাননে ? এটা কঁপনি, এটা নুফুটা কথা, এধাৰি চকুলো কিয়  আকাশক বান্ধি ৰাখিম দুহাতেৰে কিয় কোঠাৰ খোলা খিৰিকীৰে চাই ৰম তোক——? মই ঢুকি নোপোৱা বনলতা সেন তই দুষ্ট লৰা কৰোবাৰ, এবাৰ বজাই শুনা না  মোক তই মোৰ মন টো মাৰি পেলালি ও বনলতা তই নহলে মই কাৰ ঘাটত নাও চপাম মোক চৰাই বুলি মাতিবিনে  তই ? শালিকী চৰাই কি দৰে বুজাও তোক কিমান ভালপাওঁ এতিয়াও তই ৰাতিৰ জোনাক হৈ জলঙাৰে মোৰ টোপনি ভাঙো হিঃ হিঃ হিঃ বুঢ়া শালিকাই কত মাত মাতিব পাৰিবি তই চাই থাক জিলিৰ সাজ পিন্ধি ৰাতি ৰাতি তোক কিমান আমনি কৰোঁ ——————————————

উঁই চিৰিঙাৰ মাত

উঁই চিৰিঙাৰ মাত ———————— বৰষুণক  ভাল নোপোৱা মানুহবোৰে নিজৰ বুকুত অহৰ্নিশে কঢ়িয়াই লৈ ফুৰে ভৰ যৌৱনা নদী এখন  আন্ধাৰ নিজান ৰাতিও ওৰনিৰ আঁৰ কাপোৰৰ তলত লুকুৱাই ৰাখিব খোজে উঁই চিৰিঙাৰ  মাত