কমৰেড, তোমাৰ পৰিচয় শেষ হোৱা নাই
কমৰেড, তোমাৰ পৰিচয় শেষ হোৱা নাই
__________________________________
সহজে পাহৰিব পৰাকৈ
শিলত খোদিত কৰা হোৱা নাছিল তোমাৰ নাম
তোমাৰ নাম লিখা আছিল সোণালী আখৰেৰে
তুমি আছিলা খাটি খোৱা মানুহ
বিপ্লৱী পথৰ যাত্ৰী,
স্বাধীনতাক নসাৎ কৰি কৈছিলা
"ৰবৰ সময় নাই
কবৰ সময় নাই
সময় নাই উভতি চাবৰ
সময় যে এয়া বিপ্লবৰ "
কাৰ বিৰুদ্ধে বিপ্লবৰ ঘোষনা এয়া——?,
এয়া নিৰ্যাতিত, নিপীড়িত জনগণক
শোষণৰ বিৰুদ্ধে উদ্ধুদ্ধ কৰাৰ সংগ্ৰাম
তুমি আছিলা
কলিংগৰ ক'ণাৰকৰ ক 'লা পগোডা
কালৰ বিস্ময়
একঠা আদিম মাটি
বাপতি সাহোন
আন্ধাৰত জোনাকীৰ চাকিৰে উজলা
প্ৰাগ্ ঐতিহাসিক কোনো চৰিত্ৰ
তুমি কমৰেড ৰাভা
"আগুৱাই ব'ল, আগুৱাই ব'ল সমনীয়া,
হালোৱাৰ দল,হজুৱাৰ দল, বনুৱাৰ দল অ' ৰনুৱা
ৰণ দুন্দভি বজাই যা যা আগুৱাই - - - "
তুমি কি ভাবিছিলা বাৰু
দৰিদ্ৰতাৰ মাজেৰে পকাফলৰ দৰে
এটা নিটোল স্বপ্ন দেখিছিলা নেকি
তুমি জাতীয়তা বাদী আছিলা নে সনাতনপন্থী ——??
অগণিত হৃদপিন্ডত আনৱিক বিস্ফোৰণ কৰি
তোমাৰ উদাত্ত কন্ঠই চিঞৰি ছিল
স্বাধীনতা—— স্বাধীনতা——
সবল হাত দুখনত আছিল নদীৰ গৰ্ভত
অমৃত সৃষ্টিৰ শক্তি
ইদুজ্জোহাৰ গানত— "দুৰ আকাশত মৰুৰ বুকুত বয়
ভকতি আজান
পুৱতি নিশাৰ সোণালী ঊষাৰ উঠে মই সনা গান— "
নহলে— "কাৰবালা হায় ! কাৰবালা মোৰ,
ভকতি উঁহ কাৰবালা,
লাখ লাখ বাৰ 'চিজদা" জনাওঁ, জ্বলাই
প্ৰদীপ -ধুপশলা !!!! -- --
তুমি কৈছিলা——
ঘুৰাই পাম আমাৰ সপোন বোৰ
অডেনে যেনেকে কৈছিল—
"We must love one another or die "
"সুৰেৰে দেউলৰে ৰুপৰে শিকলি
ভঙি দিলি খুলি,দুৱাৰ সোণোৱালী
পুজাৰী অ', সুন্দৰ পুজাৰী— "
ছন্দৰ কল্লোল তুলি তুমি মন্দাকিনী সম,
তুমি সুন্দৰৰ পুজাৰী,
তোমাৰ সঞ্জীৱিত কবিতাই উলাহত নাচে,
মোৰ বাউসিত মুৰ থৈ
চকুৰ লোতকেৰে হৃদয় বীণ তিয়ায়,
তুমি শিল্পী ৰাভা
যেন এক সপোন মায়া,
সাধুকথা তুমি,
তথাপি তুমি কিমান বাস্তব
নিকা অন্তৰংগতাৰে,
তোমাৰ গানত
অন্তৰ খহাই বৈ যায় তপত লাভাৰ
আন্ধাৰ শিকলি,
তুমি অচিনাকিৰ মাজত চিনাকি
তুমি নেলচন মেন্ডেলা
কমৰেড , তোমাৰ পৰিচয় শেষ হৈ যোৱা নাই ।
Comments
Post a Comment